প্ৰেছ বিজ্ঞপ্তি: চিকিৎসাজনিত সন্ত্ৰাস বিৰোধী দিৱস জুলাই ১৯, ২০১৬

গুৱাহাটী, ১৮ জুলাই ২০১৬: ডঃ অনামিকা ৰায় সোঁৱৰণী ন্যাসে জনাবলৈ পাই সুখী অনুভৱ কৰিছে যে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ জেনেভাত অনুষ্ঠিত সাধাৰণ অধিৱেশনত 'প্ৰহৰ' নামৰ এটি বেচৰকাৰী সংস্থাৰ দ্বাৰা 'চিকিৎসা সন্ত্ৰাস' বিয়য়টো উপস্হাপন কৰা হৈছে আৰু মতামত গ্ৰহণ কৰা হৈছে ৷ ন্যাসে জুন মাহৰ ২৫ তাৰিখটো সমগ্ৰ ৰাষ্ট্ৰতে 'ৰোগীৰ অধিকাৰ দিৱস' হিচাপে পালন কৰা হোৱা বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ চিকিৎসাজনিত অৱহেলাৰ চিকাৰ হোৱাসকল আৰু তেওঁলোকৰ সমৰ্থকসকলে 'ডঃ অনামিকা ৰায় সোঁৱৰণী ন্যাস, গুৱাহাটীৰ অধীনত ২০১৬ চনৰ ১৪ মেৰ পৰা 'চিকিৎসা সন্ত্ৰাস বন্ধ কৰক ' নামেৰে উন্নততৰ আৰু নিকা স্বাস্থ্যসেৱা সমগ্ৰ ভাৰততে প্ৰৱৰ্তন কৰাৰ বাবে এটি আন্দোলন আৰম্ভ কৰিছে ৷

এইটো এটা সমগ্ৰ ৰাষ্ট্ৰৰ বাবে অত্যন্ত চিন্তনীয় বিষয় যে ভাৰতত ৫২ লাখ লোক চিকিৎসাজনিত ভুল আৰু অবহেলাৰ চিকাৰ হয় আৰু প্ৰতি বছৰ ইয়াৰে ৯৮,০০০ গৰাকীয়ে প্ৰাণ হেৰুৱায় ৷ প্ৰতি বছৰে দেশখনত প্ৰায় ৩০ লাখ বছৰ স্বাস্থ্যৱান আয়ুস চিকিৎসাজনিত অৱহেলাৰ চিকাৰ হয়, যাক কোনো কাৰণতে মানি ল'ব নোৱাৰি ৷ ভাৰতত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা আৰু স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে এই ন্যাসে ১৯ জুলাই তাৰিখটো দেশখনৰ এগৰাকী প্ৰখ্যাৎ গণসংযোগ শিক্ষাবিদ ° অনামিকা ৰায়, যি নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাজনিত সন্ত্ৰাসৰ বলি হৈ অকাল মৃত্যু বৰণ কৰিলে, তেখেতৰ অকাল মৃত্যুৰ স্মৃতিত ১৯ জুলাই তাৰিখটো চিকিৎসাজনিত সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে ৷ দেশখনৰ বিভিন্ন প্ৰান্তৰ উপৰিও ঢাকা আৰু কলম্বোটো এই দিৱস পালন কৰা হ'ব ৷ অসমত, ১৯ জুলাইত আনুষ্ঠানিক ভাৱে গুৱাহাটীৰ দিঘলী পুখুৰী পাৰ আৰু শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ভাৰতত চিকিৎসা সেৱা উন্নত কৰাৰ বাবে চাকি জ্বলাই প্ৰতীকী প্ৰতিবাদ প্ৰদৰ্শন কৰা হ'ব ৷

ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত চলিত চিকিৎসা ব্যৱস্থাৰ উন্নীতকৰণ বিচাৰি দাৱী উত্থাপন কৰাৰ বাবে দহ দফীয়া এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে ৷ দাবীসমূহৰ ভিতৰত আছে চিকিৎসালয় চৌহদক স্বয়ংক্ৰিয় কেমেৰাৰ নিৰীক্ষণত ৰখা, আই চি ইউৰ মনিটৰিঙৰ ব্যৱস্হা কৰা, অন্তৰ্বিভাগৰ চিকিৎসা নথি বা টিকেট উপলব্ধ কৰা, সকলো অস্ত্ৰোপচাৰৰ ৰেকৰ্ডিং কৰা, অৱহেলা বিষয়যত দ্ৰুত কাৰ্যব্যৱস্থা গ্ৰহণ, জেনেৰিক মেডিচিন লিখা, চিকিৎসাৰ লগত জড়িত নীতি অন্তৰ্ভুক্ত কৰা, চিকিৎসা চলি থকা কালত ৰোগী-চিকিৎসকৰ মাজৰ ভাবৰ আদান প্ৰদান কৰা, পেৰামেডিকেল ষ্টাফৰ কৰ্মকুশলতা বৃদ্ধি কৰা, চিকিৎসাজনিত ভুল আৰু অবহেলা সম্বলিত নথি সংৰক্ষণৰ ব্যৱস্থাৰ বিকাশ সাধন কৰা ইত্যাদি ৷ ১৯ জুলাই (মঙ্গলবাৰ) সন্ধিয়া নিজৰ বাসগৃহৰ সমুখত এগচি চাকি বা মমবাতি জ্বলাই 'চিকিৎসাজনিত সন্ত্ৰাস বুৰোধী দিৱস' পালন কৰাৰ বাবে ন্যাসে সকলোকে আহ্বান জনাইছে ৷


ন্যাসে পুনৰাই কৈছে যে এই আন্দোলনৰ উদ্যেশ্য হৈছে সংসদীয় ব্যৱস্থাৰ মাজেৰে দেশখনৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰা আৰু লক্ষ্য হ'ল এক প্ৰণালীবদ্ধ পৰিবৰ্তন ৷ এয়া এক দীঘলীয়া আৰু কঠিন লক্ষ্য কিন্তু এই আন্দোলন ইয়াত কৃতকাৰ্য হ'বলৈ বদ্ধপৰিকৰ যাতে চিকিৎসা সন্ত্ৰাসৰ বলিসকলে ন্যায় লাভ কৰিব পাৰে , যাতে যিসকল চিকিৎসকে নিজৰ কৰ্মেৰে এটি পৰিবৰ্তন আনিব বিচাৰে তেওঁলোকৰ বাবে এয়া উজু হৈ পৰে আৰু যাতে চিকিৎসাসেৱী আৰু ৰোগীৰ মাজত গভীৰ আৰু বিবেচনাকৃত বিশ্বাসৰ সম্পৰ্ক গঢ়ি উঠে ৷ ন্যাসে জনসাধাৰণলৈ আহ্বান জনায় যাতে তেওঁলোকে বিপথে পৰিচালিত কৰা, পথচ্যুতি কৰা বিতৰ্কৰ দ্বাৰা চালিত নহৈ এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায় ৷

1 comment:

  1. Sir, মই ড* অনামিকা ৰায় বাইদেউৰ ছাত্ৰ - ছাত্ৰীসকলৰ মাজৰ এজন ! BMC পাঠ্যক্ৰম KKHSOUৰ পৰা কৰিছোঁ 2013 চনত ! মোৰ পত্নী মুনমুন ৰায় চিকিৎসকৰ ভুল চিকিৎসাৰ ভুক্তভোগী !চিকিৎসকৰ সামান্য ভুলৰ বাবে তাইৰ ভৰিৰ টিউমাৰ অপাৰেচনটো এতিয়া মাৰাত্মকভাৱে ইনফেকচন হৈছে আৰু আগৰ দৰে খোজ কাঢ়িব নোৱাৰা হৈছে ! এইক্ষেত্ৰত মই কি পদক্ষেপ লম অনুগ্ৰহ কৰি জনাব !

    ReplyDelete